Stroke Risk Factors
ষ্ট্ৰক ৰোগ হোৱাৰ কিছুমান বিপদজনক কাৰক-
ষ্ট্ৰক হোৱাৰ কাৰন সমূহ বয়স বা লিংগ ভেদে বা শাৰিৰীক ক্ষমতাৰ অধিকাৰী সকলোৰে হব পাৰে| কিন্তু কিছুমান উপসৰ্গ শৰীৰত থাকিলে ষ্ট্ৰক হোৱাৰ সম্ভাৱনা বেছি হয়| যেনে এজন ব্যক্তিৰ উচ্চৰক্তচাপ, তেজত শৰ্কৰাৰ পৰিমান বেছি থাকিলে, মধুমেহ ৰোগী, ছিগাৰেট শেৱন কৰা ব্যক্তি আৰু পৰিয়ালৰ কোনো ব্যক্তিৰ এই ৰোগ হলে, সেই পৰিয়ালৰ ষ্ট্ৰক হোৱাৰ সম্ভাৱনা অধিক| গতিকে ষ্ট্ৰক হোৱাৰ পৰা নিজকে প্ৰতিৰোধ কৰিবৰ বাবে এই উপসৰ্গ সমূহৰ পৰীক্ষা কৰোৱাই উপযুক্ত চিকিত্সা কৰাব লাগে|
উপসৰ্গৰ কাৰক সমূহ দুই ভাগত ভাগ কৰিব পাৰি| প্ৰতিৰোধ কৰিব পাৰা আৰু অন্যবিধ অপ্ৰতিৰোধী| প্ৰতিৰোধ কৰিব পাৰা উপসৰ্গ সমূহ দৈনন্দিন জীৱনৰ কাৰ্য প্ৰনালী সলনি কৰি প্ৰতিৰোধ কৰিব পাৰি|
Controllable Risk Factors
প্ৰতিৰোধ কৰিব পৰা উপসৰ্গসমূহ -
- উচ্চৰক্তচাপ (High Blood Pressure)
- হাৰ্টৰ অসুখ (Heart Disease)
- মধুমেহ (Dibetes)
- তেজত শৰ্কৰাৰ পৰিমান (Increased blood cholesterol)
- ৰক্তনলীকাৰ অবক্ষয় (Atherosclerosis)
- শাৰিৰীক পৰিশ্ৰম নকৰা(Physical inactivity)
Uncontrollabel Risk Factors
অপ্ৰতিৰোধ উপসৰ্গ সমূহ
- বয়স(Age)
- লিংগ(Gender)
- জাতিগত(Ethnic Group)
- বংশগত কাৰন(Family History)
- আগতে ষ্ট্ৰক হোৱা ব্যক্তি(Previous Occurance of stroke)

