Patient Safety

SUGGESTIONS FOR SAFETY IN THE HOUSE

ৰোগীক ঘৰত থকা সময়ত কি কি সাৱধানতা লোৱা উচিতঃ

তলত উল্লেখ কৰা পদক্ষ‍প সমূহ এজন ৰোগীৰ বাবে অতি আৱশ্যক যেনেঃ

Patient’s Welfare
ৰোগীৰ সুবিধাৰ বাবে:   
1. এটা শব্দ কৰা ঘণ্টা ৰোগীৰ কাষত থব লাগে যাতে কাৰোবাক
মাতিবলৈ সুবিধা হয়|
2. প্ৰয়োজন অনুসৰি দৰকাৰী টেলিকলৰ নম্বৰ সমূহ সহজতে
পোৱাকৈ থব লাগে|
3. যদি ৰোগীজন অকলসৰে থাকে তেন্তে ৰোগীজনক পৰিয়ালৰ
লোকে লগ কৰিব লাগে আৰু মাজে সময়ে (Phone) কৰিব লাগে| 

Home Environment
ৰান্ধনী শালৰ পৰিবেশ:
1. ৰান্ধনিশালৰ আহিলা পাতি সহজতে পোৱাকৈ আৰু ঠাইতে
ৰান্ধিব পৰাকৈ ব্যৱস্থা কৰিব লাগে|
2. ৰন্ধা বঢ়া কৰা আহিলা পাৰিত সমূহৰ হাতেৰে ধৰা
(HANDLE) সমূহ দীঘল হব লাগে আৰু খাদ্য সামগ্ৰী খিনি     পৰি নাযায় তাৰ ব্যৱস্থা ল'ব লাগে|
3. ৰোগীজনে যদি খাদ্য প্ৰস্তুত কৰে তেন্তে (Nylon)
কাপোৰ বা দীঘল হাতৰ চোলা পিন্ধিব নালাগে কাৰণ জুই লগাৰ সম্ভাৱনা থাকিব পাৰে|
4. ৰান্ধনিশালৰ পানীৰ ব্যৱস্থাটো হাতেৰে সহজতে পোৱাকৈ
ৰাখিব লাগে|

 

Kitchen Environment
ঘৰুৱা পৰিবেশ
1. ৰোগীজনৰ ঘৰৰ ভিতৰত চলা-ফুৰা কৰিব পৰাকৈ
(SUPPORT SYSTEM) ৰ সুবিধা কৰি দিব লাগে|
2. ৰোগীজন যাতে মাটিত পৰি নাযায় তাৰ বাবে
দুৱাৰদলীত থকা কাঠদাল, চকী, বেঞ্চ
ইত্যাদিসমূহ আতৰাই ৰাখিব লাগে, যাতে ৰোগীজনে সহজতে ঘৰৰ ভিতৰত চলা ফুৰা কৰিব পাৰে|
3.     ৰোগীক ৰবৰৰ জোতা, চেন্দেল পিন্ধিবলৈ দিলে, মাটিত পৰি যোৱাৰ সম্ভাৱনা কম থাকে|

Bathroom Environment
BATH ROOM পৰিবেশ

1. গা ধোৱা ঘৰৰ ভিতৰৰ পৰা ৰোগীক চিটকনি দি বন্ধ কৰিব     
নালাগে|
2. গাধোৱা ঘৰৰ মজিয়াত বৰবব (mat) পাটি পাৰি দিব লাগে
আৰু বৰৰৰ জোতা পিন্ধিবলৈ দিব লাগে যাতে পিছল খাই পৰি নাযায়|
3. বহিলৈ গা ধুবৰ বাবে সৰু চকী বা মূঢ়া বা টোলৰ সুবিধা
কৰি দিব লাগে|
4. শৌচ কৰিবৰ বাবে প্ৰাশ্চাত্য শৈলীৰ শৌচাগাৰ(WESTERN STYLE TOILET) ব্যৱহাৰ কৰিব লাগে|

 


News & Events

The Family Guide (Facts about Aphasia and Stroke) has been published in Bengali and is available on request from Ratna Sagar Publishers, New Delhi.

Read More

Disclaimer

This association cannot offer any medical advice or assess any medical-neurological condition.

Read More

Site Designed by Premier Technologies