What is a stroke?
ৰক্তঘাট মানে কি?
ৰক্তঘাট মানে হল মগজুৰ তেজ পৰিবাহী ধমনী সমূহে যেতিয়া সঠিক পৰিমানৰ তেজ মগজুৰ বিভিন্ন অংশলৈ কঢ়িয়াব নোৱাৰে, তেতিয়া মগজুৰ কোষ সমহ অক্সিজেনৰ অভাৱত মৰি যায় আৰু তেতিয়াই ষ্ট্ৰক হয়| ৰক্তপৰিবাহী ধমনী সমূহ সাধাৰণতে ব্লক হৈ যায়, কেতিয়াবা ফাটি যায়, কেতিয়াবা তেজ গোট মৰা চেকুৰা বিলাকে ধমনীৰ তেজ চলাচল বন্ধ কৰি দিয়ে| এই ৰোগৰ লক্ষণ সমূহ শৰীৰৰ এভাগ অকামিলা হৈ যোৱা, দৃষ্টিশক্তি হ্ৰাস হৈ যোৱা, কথা কোৱাত অসুবিধা হোৱা দেখা যায়| এই ৰোগ যি কোনো বয়সৰ, পুৰুষ মহিলা, ধনী দুখীয়া লোকৰ হব পাৰে|

