Importance of early treatment
তাত্ক্ষনিক চিকিত্সাৰ প্ৰয়োজনীয়তা-
ষ্ট্ৰক হোৱাৰ পাছত মগজুৰ সকলো কোষ মৰি নাযায় | অক্সিজেনৰ অভাৱত প্ৰথমে Core কোষ সমূহৰ ক্ষতি হয়, কিন্তু Core কোষ সমূহৰ ওপৰৰ অংশত Ischemic Pneumbraৰ কিছুমান Idle neurons (অকামিলা কোষ) থাকে| এই কোষ সমূহ সজাগ নহলেও মৰি নাযায় আৰু কিছু পৰিমানে কাৰ্যক্ষমতা থাকে| এই অকামিলা কোষ, সমূহ 20 মিনিট সময়লৈকে জীয়াই থাকে, যদিহে ৰক্ত পৰিবহন কৰা নলীকা সমূহৰ চিকিত্সা কৰা হয় তেন্তে 6 ৰ পৰা 8 ঘণ্টালৈকে জীয়াই থাকিব পাৰে| ষ্ট্ৰক হোৱাৰ পিছত তাত্ক্ষনিক ৰক্ত পৰিবহন কৰা চিকিত্সা প্ৰয়োগ কৰি শাৰিৰীক অক্ষমতা কম কৰিব পাৰি|
গতিকে, ষ্ট্ৰক হোৱাৰ লগে লগে এজন ৰোগীক অতি সোনকালে চিকিত্সালয়ত ভৰ্তি কৰাব লাগে, যাতে প্ৰয়োজনীয় চিকিত্সা কৰাব পাৰা যায় আৰু এই চিকিত্সাৰ এই বাবেই প্ৰয়োজন যাতে ষ্ট্ৰকৰ পিছত হব লগীয়া শাৰিৰীক আৰু মানসিক ক্ষতিৰ পৰিমান কম কৰিব পৰা যায় আৰু শাৰিৰীক তথা মানসিক উন্নতি কৰিব পাৰি|